শ্রীমন্ত সৰকাৰ - এজন সফল অধ্যক্ষ আৰু সু-প্রশাসক৷

শ্রীমন্ত সৰকাৰ এজন সফল অধ্যক্ষ আৰু সু-প্রশাসক৷ শ্রীমন্ত সৰকাৰ মহোদয়ৰ কর্মৰাজীৰ ওপৰত এখন কিতাপ প্রকাশ কৰিব বুলি জানি অতিকে আনন্দিত হলো৷ মোৰ দৃষ্টিত তেখেত এজন সফল অধ্যক্ষ আৰু সুপ্রশাসক৷ ১৯৯৪ চনৰ ৮ আগষ্টত মই বিদ্যামন্দিৰ উচ্চতৰ মাধ্যামিক বিদ্যালয় পাণ্ডুত আঞ্চলিক(অসমীয়া) ভাষা শিক্ষক হিচাবে কর্মৰাজী আৰম্ভ কৰো৷ তেতিয়াৰ পৰা শ্রীমন্ত সৰকাৰক অধ্যক্ষ হিচাবে ২ বছৰ পাওঁ৷ তেখেত এজন মহান শিক্ষাবিদ আৰু সুপ্রশাসক৷ বিদ্যালয়ৰ শিক্ষক কর্মচাৰী আৰু ছাত্র ছাত্রীৰ মাজত অতিকে শ্রদ্ধাশীল ব্যক্তি হিচাবে পৰিচিত৷ বিদ্যালয়ৰ শিক্ষা ব্যৱস্হা আৰু ছাত্র ছাত্রীৰ অধ্যয়ণৰ দিশটো সুন্দৰকৈ পৰিচালনা কৰিছিল৷ সেই সময়ত বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল যথেষ্টখিনি ভাল আছিল৷ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যামিক বিদ্যালয় খন বাংলা ভাষাৰ বিদ্যালয় হিচাবে পাণ্ডু অঞ্চলৰ ভিতৰত পুৰণি৷ মই অসমীয়া ভাষাৰ সহকাৰী শিক্ষক হিচাবে শ্রীমন্ত সৰকাৰ মহোদয়ৰ ছত্রছায়াত কর্মজীৱন আৰম্ভ কৰো৷ তেখতৰ অধীনত কাম কৰিব পাৰি আৰু সান্নিধ্য পায় নিজকে ধন্য৷ ১৯৯৬ চনত শ্রীমন্ত সৰকাৰ মহোদয় এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্রহণ কৰে৷ কমদিনৰ বাবে তেখেতক অধ্যক্ষ হিচাবে পালেওঁ বহু কথা মই তেওঁৰ পৰা শিকিছিলো৷ মোক সৰকাৰ মহোদয়ে সন্তানৰ দৰে মৰম কৰিছিল৷ এজন কৃতি শিক্ষিকৰ গুণ গৰিমা আয়ত্ব কৰাৰ সকলো দিশৰ উপদেশ সমূহ মোক প্রদান কৰিছিল৷ সেই গতিকে তেখেত মোৰ বাবে নমস্য৷ সদায় তেখেতক লৈ গৌৰৱ অনুভৱ কৰো৷ ছাত্র ছাত্রীক অধ্যয়ণ শিকোৱাৰ জ্ঞান কৌশল সমূহ শিকায় দিছিল৷ বসয় মই বহু সৰু আছিলো৷ সৰকাৰ ছাৰে সদায় কৈছিল শিক্ষক সদায় গৱেষণামূলক হব লাগিব৷ শিক্ষক আৰু কর্মচাৰীৰ মাজত থকা পার্থক্য কি মোক প্রায়ে বুজায় দিছিল৷ এই মহান শিক্ষাবিদ জনৰ বিষয়ে একলম লিখিব সুযোগ পোৱাত নিজকে গৌৰৱন্বিত৷ অৱশ্যে প্রতিগৰাকী মানুহৰ এটা সময়ত নিজৰ জীৱনৰ খতিয়ান লোৱা উচিত৷ বহু সময়ত অইনৰ দৃষ্টিৰে নিজৰ জীৱনটো পৰীক্ষা কৰি চোৱাৰ সুযোগে ব্যক্তি গৰাকীৰ পৰিশোধিত ৰূপত আগবাঢ়ি যোৱাৰ যথেষ্ট উৎসাহ প্রেৰণা লাভ কৰে৷ মোৰ দৃষ্টিত শ্রীমন্ত সৰকাৰ ছাৰ এজন আদর্শৱান আৰু সফল শিক্ষাবিদ হিচাবে সদায় ছাত্র ছাত্রীৰ মাজত স্হান পায় থাকিব৷ সদৌ শেষত শ্রীমন্ত সৰকাৰ ছাৰৰ সু-স্বাস্হ্যৰ কামনা কৰিলো৷ দ্বিজেন দাস বিদ্যামন্দিৰ উঃমঃ বিদ্যালয়৷

Comments

Popular posts from this blog

A Tree Full of Fruits

An Excellent Teacher and Administrator